নিউজ ডেস্ক, ২৫ জানুৱাৰীঃ ১২০ টা টিকট সংগ্ৰহ কৰিও খাৰুপেটীয়াৰ এজন যুৱকে মুক্তিৰ প্ৰথম দিনাই চাবলৈ নাপালে পাঠান ছবি । ১২০ টা টিকট সংগ্ৰহ কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল মফিদুল ইছলাম নামৰ যুৱকজন। মঙ্গলদৈৰ ধুলা থানাত আৱদ্ধ হৈ থাকিব লগা হ’ল মফিদুল ইছলাম।
পাঠান বিতৰ্ক চলি থকাৰ সময়তে বন্ধুৰ সৈতে চিনেমাখন চাবলৈ যুৱকজনে কাটিছিল ১২০ টা টিকট। কিন্তু কিয় আৱদ্ধ কৰি ৰাখিছে মফিদুলক এতিয়াও জানিব পৰা নাই। কিন্তু পাঠান চাবলৈ ভিৰ হ’ল বিভিন্ন চিনেমা গৃহসমূহ।