নিউজ ডেস্ক, ২৫ জানুৱাৰীঃ অভিনয় জগতৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানে অভিনয় কৰা বহু চৰ্চিত পাঠান চাবলৈ ৰঙিয়াৰ ডিলাইট চিনেমা হলত দৰ্শকৰ ভিৰ । পাঠান মুক্তি পোৱাৰ লগে লগে উৎফুল্লিত দৰ্শকে ৰঙিয়াৰ চিনেমা হলৰ সন্মুখত কেক কাটি চিনেমা চাবলৈ প্ৰৱেশ কৰে । জানিব পৰা মতে, পাঠান চিনেমাখন মুক্তি পোৱাৰ পূৰ্বেই টিকট শেষ হোৱাত অধিকাংশ দৰ্শকে চিনেমাখন চোৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ।
হিন্দুত্ববাদী সংগঠনে পাঠান চিনেমাখন বয়কট কৰিবলৈ আহ্বান জনোৱাৰ সময়তে এনেদৰে চিনেমা হলসমুহত পাঠান চিনেমাৰ বাবে ভিৰ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানে পাঠন চিনেমা চলি থকাৰ সময়ত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিছিল । এনে নিৰ্দেশৰ পিছতেই ৰঙিয়াৰ চিনেমা হলৰ সন্মুখত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।