আজি গণেশ চতুৰ্থী

নিউজ ডেস্ক, ২৫ জানুৱাৰীঃ আজি গণেশ চতুৰ্থী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পালন কৰা হৈছে গণেশ চতুৰ্থী। হিন্দু ধৰ্মালম্বী লোকসকলৰ আদি পূজ্য দেৱতা গণেশ। সেয়ে সকলো পূজাৰ আগমুহূৰ্তত গণেশৰ শ্ৰীচৰণত পূজা আগবঢ়োৱা হয়।

আজিৰ এই পবিত্ৰ দিনটোতে ৰাজ্যৰ মন্দিৰসমূহত উলাহ-মালহ তথা আধ্যাত্মিকতাৰে ভক্তসকলে সেৱা আগবঢ়ায়। পৰিয়ালৰ মংগল কামনা কৰি সকলোৱে গণেশ বাবাৰ শ্ৰীচৰণত ধূপ-চাকি,নৈবদ্য আদি আগবঢ়ায়।

AssamCelebrationDaily time axomGanesh ChaturthiGuwahatiIndia