নলবাৰীত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উদযাপন

সৰস্বতী পূজা উপলক্ষে নলবাৰীৰ এম এন চি মহাবিদ্যালয় আৰু এছ আৰ ডি জৈন স্কুলত ব্যাপক উছাহ উদ্দীপনা।

আজি ৰাজ্যৰ সৰু-বৰ বিদ্যালয়,মহাবিদ্যালয় সহ বিভিন্ন শিক্ষানুষ্ঠানত শ্ৰীশ্ৰী সৰস্বতী পূজা উদযাপন কৰা হৈছে । নলবাৰী জিলা ও ইয়াৰ ব্যতিক্ৰম নহয়। নলবাৰী জিলাতো আজি বিভিন্ন শিক্ষানুষ্ঠানত শ্ৰী শ্ৰী সৰস্বতী পূজা উদযাপন কৰা দেখা গৈছে । সেইমৰ্মে নলবাৰী চহৰস্থিত স্ত্ৰী শিক্ষাৰ অন্যতম চৰকাৰী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত আৰু ব্যক্তিগত খণ্ডৰ এছ আৰ ডি জৈন স্কুলত এইবেলি আটক ধুনীয়াকৈ সৰস্বতী পূজা উদযাপন কৰা হৈছে । সৰস্বতী পূজা উপলক্ষে নানান ৰঙীন কাপোৰ পৰিধানেৰে যুৱতী সকলেৰে বিদ্যালত প্ৰাংগনত ভৰ্তি হোৱাত পৰিলক্ষিত হয় । সৰস্বতী পূজা উপলক্ষে ৰাতিপুৱাৰে পৰা বিদ্যালয় দুখনত ছাত্ৰ ছাত্ৰী সকলে সৰস্বতী দেৱীৰ পূজা অৰ্চনা কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।

নলবাৰীৰ পৰা প্ৰাঞ্জল বেজবৰুৱাৰ ৰিপোৰ্ট।

Daily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment