Daily Time Axom

অসহ্যকৰ ঋতুস্ৰাৱৰ বিষ, কি খাদ্যই সকাহ দিব

0 52

বহু মহিলাই ঋতুস্ৰাৱৰ সময়ত অসহ্যকৰ বিষত ভুগি থাকে। বহু ক্ষেত্ৰত ঔষধ খালেও এই বিষ কমি নাযায়। ক্ষণিকৰ সকাহ পোৱা যাব পাৰে। পিৰিয়ডৰ এই দিনবোৰত অস্বাস্থ্যকৰ খাদ্যৰ ফলত সমস্যা বাঢ়ি যায়। কিছুমান খাদ্য আছে যিবোৰে বহুত সকাহ দিয়ে।

ৰাতিপুৱাৰ ব্ৰেকফাষ্টত কল খাওক। কলত থকা ভিটামিন বিৰ দৰে পুষ্টিকৰ উপাদানে ঋতুস্ৰাৱৰ বিষৰ পৰা উপশম দিয়ে। কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যিয়ে পানী ধৰি ৰখাত সহায় কৰে।

মাহেকীয়াৰ সময়ত আপোনাৰ প্ৰিয় ডাৰ্ক চকলেট উপভোগ কৰক। ই পিৰিয়ডৰ বিষ অবিশ্বাস্যভাৱে হ্ৰাস কৰাত সহায় কৰে। ডাৰ্ক চকলেটত থকা ক’ক’ইও ভাগৰুৱা মেজাজ উন্নত কৰি ৰাখে। মনত ৰাখিব, চেনি থকা বগা চকলেটে আপোনাৰ মাহেকীয়াৰ বিষ আৰু বেছিকৈ বৃদ্ধি কৰিব পাৰে।

আমি সকলোৱে জানো যে সেউজীয়া শাক-পাচলি স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষজ্ঞসকলৰ মতে কচু খালে আপোনাৰ ঋতুস্ৰাৱৰ ক্ৰেম্প কম কৰাত সহায় কৰিব পাৰে। ভিটামিন ই, ভিটামিন বি আৰু মেগনেছিয়ামযুক্ত সেউজীয়া পাতৰ শাক-পাচলিয়ে পিৰিয়ড ক্ৰেম্পৰ বিৰুদ্ধে যুঁজ দিয়ে।

আদাৰ চাহ একাপ খালেও আৰাম পাব। আদা ইয়াৰ প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে বিষ কমোৱাত সহায় কৰে। বমি আৰু পেটৰ বিষৰ বাবেও ই উপকাৰী। আদা দুই এটুকুৰা পানীত উতলাই লওক। ৰঙা জলকীয়া আৰু মৌ এচিকুট দিব। ইয়াৰ পিছত অলপ চাহপাতেৰে চেকি লওক। এই চাহ সময়ে সময়ে খালে সকাহ পোৱা যায়। তদুপৰি এই সময়ত ভেন্দি তিয়াই থোৱা পানী খোৱাটো ভাল।

মাহেকীয়াৰ কেইদিনমান আগতে সচেতন হওক। এসপ্তাহ আগতে ৰাতিপুৱা তিয়াই থোৱা কিচমিচ আৰু কেশৰ খাব লাগে। কিছু মাটিমাহ বা কিছু কাজুৰ লগত খাওক। অলপ ঘিউ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব ।

Leave A Reply

Your email address will not be published.