নলবাৰী পশ্চিম জাপাৰকুছিত শ্ৰীশ্ৰীবিষ্ণু মন্দিৰ উদ্বোধন

নলবাৰী চহৰৰ নিচেই সমীপতে থকা জাপাৰকুছি গাঁৱৰ ঔ তলত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ২০১৪ চনতে আৰম্ভ কৰা পশ্চিম জাপাৰকুছিৰ একমাত্ৰ সেৱাৰ থলী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় দুদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে। ২৬ আৰু ২৭ জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰ দ্বিতীয় দিনা নামঘৰৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী হিতেশ কলিতাই, মন্দিৰৰ দ্বাৰ উন্মোচন কৰে হৰিশ গোস্বামীয়ে,বিগ্ৰহ উন্মোচন কৰে পদ্মবালা দাসে আৰু ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী মিণ্টু তামুলীয়ে।

উদ্বোধনী ভাষণত যুৱ নেতা মিণ্টু তামুলীয়ে প্ৰথমে ভগৱান শ্ৰী বিষ্ণুক সেৱা জনাই আৰু সকলোৰে শান্তি-সমৃদ্ধি-একতাৰ কামনা কৰে। লগতে এনেকুৱা সভা-সমিতি-অনুষ্ঠানসমূহে যে অসমীয়া সংস্কৃতি ৰক্ষাত অৰিহনা যোগাই আহিছে সেই বিষয়েও অৱগত কৰাই আৰু অনুষ্ঠানৰ উদ্যোক্তা সকলক ধন্যবাদ জনাই ।কিয়নো তেওলোকে সনাতনী সভত্যা-সংস্কৃতি ৰক্ষা কৰি সমাজত একতা,ভাতৃত্ববোধ বৰ্তাই ৰখাত অৰিহনা যোগাইছে।ইয়াৰ পিছত ভালেমান কাৰ্যসূচী অনুষ্ঠিত হৈ সন্ধিয়া পশ্চিম জাপাৰকুছি বিষ্ণু মন্দিৰ সংকীৰ্তণ দলৰ দ্বাৰা হৰিনাম সংকীৰ্তনেৰে কাৰ্যসূচী সমাপন হ”ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।।

নলবাৰীৰ পৰা প্ৰাঞ্জল বেজবৰুৱাৰ ৰিপোৰ্ট

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew Delhipolitics
Comments (0)
Add Comment