পাকিস্তানত ৩১০০ টকাত বিক্ৰী কৰা হৈছে ২০ কেজি আটা

পাকিস্তানত মুদ্ৰাস্ফীতি ইমানেই বৃদ্ধি পাইছে যে ২০ কোটি লোকে হুমুনিয়াহ কাঢ়িছে। এক প্ৰতিবেদন অনুসৰি পাকিস্তানত খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ মাত্ৰা ২৮.৭ শতাংশ হৈছেগৈ। উদাহৰণস্বৰূপে, যোৱা বছৰৰ তুলনাত পিঁয়াজৰ দাম ৫০১ শতাংশ বৃদ্ধি পাইছে। পাকিস্তানত ২০ কেজি আটা ৩১০০ টকাত বিক্ৰী হৈছে।৬০ লাখৰ পৰা ৮৫ লাখ লোকে তীব্ৰ খাদ্যৰ নাটনিৰ সন্মুখীন হৈছে। এই সংকটৰ মাজতে আশাৰ একমাত্ৰ ৰশ্মি হৈছে আই এম এফ। পুনৰ আৰম্ভ হৈছে আই এম এফৰ সৈতে পাকিস্তানৰ আলোচনা। বিশেষজ্ঞসকলে কয় যে যদি পাকিস্তানে আই এম এফৰ পৰা ৬ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য নাপায় তেন্তে ইয়াৰ অৱস্থা শ্ৰীলংকাৰ দৰে হ’ব পাৰে।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment