বলীউডৰ প্ৰবীণ অভিনেতা অন্নু কাপুৰ হঠাৎ অসুস্থ হৈ পৰে। বুকুৰ বিষৰ বাবে বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অভিনেতাগৰাকীক। অভিনেতাগৰাকীক দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পৰিয়ালৰ সূত্ৰ অনুসৰি অভিনেতা গৰাকীয়ে হঠাতে বুকুৰ বিষ অনুভৱ কৰে।
চিকিৎসালয় কৰ্তৃপক্ষৰ মতে, অভিনেতাগৰাকীক বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিছুদিনৰ বাবে তেওঁক চিকিৎসালয়ত ৰখা হ’ব।
হিন্দী বিগ স্ক্ৰীণৰ জনপ্ৰিয় অভিনেতা অন্নু , ৱেব ছিৰিজৰ পৰা আৰম্ভ কৰি ডাঙৰ পৰ্দালৈকে তেওঁৰ অভিনয়ত দৰ্শক আপ্লুত। ‘মিষ্টাৰ ইণ্ডিয়া’ৰ পৰা ‘জলী এল এল বি ২’লৈকে তেওঁৰ কেইবাখনো ছবি আছে। ‘ভিকি ড’নাৰ’ ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয় অন্নুক। দৰ্শকে শীঘ্ৰেই ‘ড্ৰিম গাৰ্ল ২’ ছবিখনত দেখা পাব অন্নুক।