প্ৰেমৰ সম্পৰ্কৰ বাবেই এগৰাকী ২২ বছৰীয়া কিশোৰীক নিজৰ পৰিয়ালে জ্বলাই হত্যা কৰে।
মহাৰাষ্ট্ৰৰ নন্দেদ জিলাত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আছিল।
জানিব পৰা মতে যুৱতীগৰাকীৰ পিতৃ, ভাতৃ আৰু আন তিনিজন ব্যক্তিয়ে যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰে। প্ৰমাণ নষ্ট কৰিবলৈ মৃতদেহটো জ্বলাই দিয়ে। মুম্বাইৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ নিলগৰ লিম্বগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পিম্পৰী মহিপাল গাঁৱত সংঘটিত হৈছে এই ঘটনা।
আৰক্ষীয়ে জনোৱা মতে, মৃতদেহটো জ্বলাই দিয়াৰ লগতে অৱশিষ্টখিনি পানীত পেলাই দিয়ে। হোমিঅ’পেথিক মেডিচিন এণ্ড চাৰ্জাৰীত স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰী আছিল যুৱতীগৰাকী। আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীয়ে পৰিয়ালৰ লোকে এজন পুৰুষৰ সৈতে যুৱতীগৰাকীৰ বিয়া ঠিক কৰিছিল। কিন্তু যুৱতীগৰাকীৰ আন এজন ব্যক্তিৰ লগতহে সম্পৰ্ক আছিল। কিছুদিন পিছত ছোৱালীজনীৰ পিতৃ, খুড়া আৰু ভাতৃদ্বয়ে তাইক এটা ফাৰ্ম হাউচলৈ লৈ গৈ হত্যা কৰে। এই হত্যাকাণ্ডৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।