একেৰাহে দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ বিভিন্ন চহৰৰ বাট-পথ প্লাৱিত হৈ পৰিছে। জনজীৱন ব্যাহত হৈছে। স্কুল বন্ধ অনলাইন শিক্ষা চলিছে। তাত থকা বতৰ বিভাগে অধিক বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। বজ্ৰপাতৰো আশংকা আছে। যোৱা বুধবাৰৰ পৰা কেইবাটাও ঠাইত বৰষুণ দি আছে। আবুধাবি, শ্বাৰজাহ, ডুবাইতো বহুত বৰষুণ। ধাৰাবাহিক বৰষুণৰ বাবে তাপমাত্ৰা হ্ৰাস পাব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই ইংগিত দিছে। শনিবাৰলৈ বৰষুণৰ পূৰ্বাভাস দিছে। তাৰ পিছতহে বতৰৰ কাৰ্যালয়ে জনাইছে যে পৰিস্থিতিৰ উন্নতি হ’ব পাৰে।