নিউজ ডেস্ক, ২৭ জানুৱাৰীঃ অশ্ৰুসিক্ত নয়নেৰে টেনিছক বিদায় দিলে ছানিয়া মিৰ্জাই।
ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই ইতিমধ্যে টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।তেওঁৰ জীৱনৰ অন্তিম গ্ৰেণ্ড শ্লেম অষ্ট্ৰেলিয়ান অপেন ২০২৩ খেলিছিল,য’ত খেলুৱৈ গৰাকীয়ে মিক্সড ডাবলছৰ ফাইনেলত উপনীত হৈছিল।খেলখনত তেওঁৰ সংগী আছিল ৰোহন বোপান্না।
কিন্তু ছানিয়া ফাইনেলত পৰাজিত হয়। ফাইনেলত ছানিয়া আৰু ৰোহনে ব্ৰাজিলিয়ান যুটি লুইছা ষ্টেফানি আৰু ৰাফেল মাটাওছৰ সৈতে প্ৰতিদ্বন্দিতা কৰে। এই খেলখনত ছানিয়া-বোপান্নাৰ যুটি ৬-৭ (২) ২-৬ ব্যৱধানত পৰাজিত হয়।
যেতিয়া বোপান্নাই প্ৰশংসা কৰি আছিল, ছানিয়া আৱেগিক হৈ পৰিছিল আৰু আৰু কান্দোনত ভাগি পৰিছিল ।