অসমৰ কৃষকৰ অদম্য সাহস আৰু অদমনীয় সত্তাৰ প্ৰতিভূ হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত সংঘটিত এই বিদ্ৰোহত বহু অসমীয়া কৃষকে ব্ৰিটিছ শাসকৰ অন্যায় আৰু শোষণৰ প্ৰতিবাদ কৰি দেশমাতৃৰ হকে প্ৰাণ আহুতি দিছিল ৷ আমাৰ বাবে আদৰ্শ আৰু প্ৰেৰণাৰ স্ৰোত সেই বীৰ শ্বহীদ কৃষকসকললৈ আজিৰ এই পৱিত্ৰ দিনটোত পাথৰিঘাটস্থিত স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণেৰে সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ ৷ এই উপলক্ষত এটি গছপুলিও ৰোপণ কৰোঁ ৷
মোৰ সৈতে কেবিনেট সতীৰ্থ শ্ৰীঅতুল বৰা, শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী, মাননীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশী, মাননীয় সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব শ্ৰীপৱিত্ৰ মাৰ্ঘেৰিটা, মাননীয় প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰীগুৰুজ্যোতি দাস উপস্থিত থাকে ৷