তালিবান শাসিত আফগানিস্তানত বন্দুক আৰু গোলাবাৰুদৰ ফলত নহয়, তীব্ৰ ঠাণ্ডাৰ ফলত এই মাহত ১৬২ জন লোকৰ মৃত্যু হৈছে। কাবুলৰ বতৰ বিজ্ঞান বিভাগে আশংকা কৰিছে যে অহা এসপ্তাহ বা তাতোকৈ অধিক সময়লৈকে এই তীব্ৰ ঠাণ্ডা অব্যাহত থাকিব পাৰে। তেনে ক্ষেত্ৰত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি স্থানীয় প্ৰশাসনে জনাইছে।
পৰিস্থিতি ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দৰিদ্ৰ আফগানসকলৰ হাতত ভয়াৱহ শীতকালৰ সৈতে যুঁজিবলৈ পৰ্যাপ্ত ইন্ধন নাই।
কাবুলকে ধৰি সমগ্ৰ দেশতে বিগত ১৫ বছৰৰ ভিতৰত আটাইতকৈ ঠাণ্ডা এই জানুৱাৰীত দেখা গৈছে। কোনো কোনো ঠাইত তাপমাত্ৰা মাইনাছ ৩৪ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে।
ইয়াৰ প্ৰভাৱৰ বাবে এই মাহত আফগানিস্তানত ১৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত যোৱা সপ্তাহত মুঠ ৮৪ জন লোকৰ মৃত্যু হৈছে। দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰালয়ৰ মুখপাত্ৰ ছাইফুল্লাহ ৰহিমীয়ে এক বিবৃতিত কয় যে, ১০ জানুৱাৰীৰ পৰা আজিলৈকে তীব্ৰ শীতকালত ১৬২ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে কেৱল যোৱা এসপ্তাহত ৮৪ জন লোকৰ মৃত্যু হৈছে।”