Daily Time Axom

পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ শ্বহীদসকলক সোঁৱৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেছবুকত ২য়টো পোষ্ট

0 41

১৮৯৪ চনৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ শ্বহীদসকলৰ সশ্ৰদ্ধ সোঁৱৰণত দৰং জিলা প্ৰশাসনৰ উদ্যোগত পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত মুকলি সভাত আজি অংশগ্ৰহণ কৰোঁ৷

এই কৃষক বিদ্ৰোহ আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাক্‌কালীন ঘটনাসমূহৰ অন্যতম৷ পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ এই ঘটনাক লৈ ৰাজ্য চৰকাৰে ইংৰাজী আৰু হিন্দী ভাষাত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি আগশাৰীৰ বৈদ্যুতিন মাধ্যমযোগে প্ৰচাৰ কৰাৰ উদ্যোগ গ্ৰহণ কৰিব ৷ তদুপৰি পথৰুঘাটৰ স্মাৰকস্থলীলৈ অহা পথছোৱা দুইশৰীয়াকৈ নিৰ্মাণ কৰা হ’ব ৷ পথৰুঘাটৰ কৃষকৰ আত্মত্যাগে আমাক এখন আত্মনিৰ্ভৰশীল অসমৰ বুনিয়াদ নিৰ্মাণ কৰিবলৈ প্ৰেৰণা দিয়ক ৷

মোৰ সৈতে কেবিনেট সতীৰ্থ শ্ৰীঅতুল বৰা, শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী, মাননীয় সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব শ্ৰীপৱিত্ৰ মাৰ্ঘেৰিটা, মাননীয় বিধায়কসকল ড° পৰমানন্দ ৰাজবংশী, শ্ৰীদুৰ্গাদাস বড়ো, শ্ৰীবসন্ত দাস, মজিবুৰ ৰহমান, মাননীয় প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰীগুৰুজ্যোতি দাস, কৃষি বিভাগৰ মাননীয় অতিৰিক্ত মুখ্য সচিব ড° আশিস কুমাৰ ভূটানী, কৃষি বিভাগৰ মাননীয় সঞ্চালক শ্ৰীঅনন্তলাল জ্ঞানী, মাননীয় জিলা উপায়ুক্ত শ্ৰীপ্ৰণৱ কুমাৰ শৰ্মাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.