ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ অবিৰত আক্ৰমণত অশান্তি পোৱা আমেৰিকাই এতিয়া ভাৰতক নিজৰ পক্ষলৈ টানিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।
দৰাচলতে ভাৰত ভ্ৰমণৰ পূৰ্বে আমেৰিকাৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ সচিব ভিক্টোৰিয়া নুলেণ্ডে সকলো সাংসদক কয় যে আমি ভাৰতক ৰাছিয়াৰ সামৰিক সঁজুলিৰ বিকল্প বিচাৰি উলিওৱাত সহায় কৰিবৰ বাবে সাজু যাতে ৰাছিয়াৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা কম হয়। অৱশ্যে ভাৰতে আমেৰিকাৰ বক্তব্যক কিমান পছন্দ কৰে সেয়া হ’ব লক্ষ্যণীয় কৰণ ভাৰত আৰু ৰাছিয়াৰ ঘনিষ্ঠতাৰ বিষয়ে সমগ্ৰ বিশ্বই সচেতন। এনে পৰিস্থিতিত ভাৰত ইয়াৰ বাবে সাজু হোৱাটো সম্ভৱ যেন নালাগে।