নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ নলবাৰীৰ সাগৰকুছিত পাষাণ পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত সাগৰকুছি গাঁৱৰ চন্দি কলিতাৰ পুত্ৰ প্ৰাঞ্জল কলিতাই হানিখুচি হত্যা কৰিলে মাতৃ পূৰ্ণিমা কলিতাক।
জানিব পৰা মতে, প্ৰাঞ্জল কলিতাই মাতৃৰ সৈতে প্ৰায়ে কাজিয়াত লিপ্ত হয় আৰু মাতৃক মাৰধৰ কৰে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। তদুপৰি প্ৰাঞ্জলৰ অত্যাচাৰত তেঁওৰ পত্নী-পুত্ৰই ঘৰ এৰি মাতৃ গৃহত থাকিবলৈ বাধ্য হৈছে।
খবৰ অনুসৰি, মাতৃৰ সৈতে কাজিয়াত লিপ্ত হৈ মাতৃক হাচিখুচি হত্যা কৰি ১০৮ সেৱাক মাতি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইয়াৰ পিচতে স্হানীয় ৰাইজে ঘটনাটো গম পায় হত্যাকাৰীক ধৰি বান্ধি ঘগ্ৰাপাৰ আৰক্ষীক চমজাই দিয়ে । কিন্তু পাষাণ পুত্ৰই মাতৃ ঘৰৰ ভিতৰত পিছলি পৰি আহত হৈ মৃত হোৱা বুলি ঘটনাৰ গাপ দিবলৈ চেষ্টা কৰে যদিও স্হানীয় ৰাইজ উপস্হিত হৈ ক্ষত-বিক্ষত অৱস্হাত মাতৃৰ মৃতদেহ প্ৰত্যক্ষ কৰে।
লগতে, মৃতদেহৰ কাষত এখন চোকা অস্ত্ৰ উদ্ধাৰ কৰি স্হানীয় আৰক্ষী চকীত অৱগত কৰে। ঘটনাস্থলীত ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া আৰু ঘগ্ৰাপাৰ আৰক্ষী উপস্হিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Comments are closed, but trackbacks and pingbacks are open.