ঝাৰখণ্ডৰ এখন চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, চিকিৎসকসহ ৬জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ ঝাৰখণ্ডৰ ধানবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।শুকুৰবাৰে নিশা প্ৰায় ১ বজাত এই ঘটনা সংঘটিত হয়।

অগ্নিকাণ্ডটোৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ ৬ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে অগ্নিকাণ্ডটোৰ সময়ত সকলোৱে শুই আছিল।এজন চিকিৎসকৰ মৃতদেহ বাথটাবত পোৱা গৈছে। অগ্নিকাণ্ডটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Daily time axomDeathDhanbadIndiaJharkhandMassive fire