নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ IPS বিষয়া জি পি সিং হ’ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান। এই কথা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত জি পি সিঙৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। সেইদিনাই দায়িত্ব গ্ৰহণ কৰিব জি পি সিঙে।
আনহাতে, মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ পৰৱৰ্তী DGP হিচাপে নাম ঘোষণাৰ পাছতে জি পি সিঙে টুইটযোগে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়।
Comments are closed, but trackbacks and pingbacks are open.