নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ ৰাজস্থানৰ ভৰতপুৰত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনা বাহিনীৰ যুঁজাৰু বিমান। ভাৰতীয় বায়ুসেনাৰ দুখনকৈ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত।
ভৰতপুৰৰ ডিএছপিয়ে জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ১০.১৫ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
জানিব পৰা মতে, ভৰতপুৰৰ পিংগোৰা ৰে’লৱে ষ্টচনৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। সূত্ৰ অনুসৰি, এই চাৰ্টাৰ্ড বিমানখন আগ্ৰাৰ পৰা উৰা মাৰিছিল। বিমানখনত কিমানজন লোক আছিল সেই সম্পৰ্কে স্পষ্টকৈ এতিয়াও জানিব পৰা হোৱা নাই।