চিৰাঙৰ বেংতল আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক নিলম্বন

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ চিৰাঙৰ বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আফজল হুছেইনক নিলম্বন। মহিলা নিৰ্যাতনৰ ঘটনাৰ তদন্তত হেমাহিৰ অভিযোগত নিলম্বিত হ’ল আৰক্ষী বিষয়াগৰাকী।

উল্লেখ্য যে চিৰাঙৰ নাঙলভঙাত চলিছিল এগৰাকী মহিলাক দলবদ্ধ নিৰ্যাতনৰ চেষ্টা। খেতিপথাৰৰ মাজতে একাংশ দানৱৰ নিকৃষ্ট কাণ্ড ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত।

বেংতল আৰক্ষী চকীত অভিযোগ দিছিল ভুক্তভোগী মহিলাগৰাকীয়ে। কিন্তু ঘটনা সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিল বেংতল আৰক্ষীয়ে। কৰ্তব্যত গাফিলতি কৰাৰ বাবেই বেংতল আৰক্ষীৰ OCক নিলম্বন কৰা হয়।

AssamAssamese NewsBengtol PoliceChirangDaily time axomIndiaSuspended