নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল দুজনৰ। ঘটনাৰ পাছতে ক্ষুব্ধ ৰাইজে জ্বলাই দিলে ডাম্পাৰখন।
ৰঙিয়া তিনিআলিত আজি পুৱাই সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে দুই বাইক আৰোহীক। ফলত থিতাতে মৃত্যু হয় বাইক আৰোহী দুজনৰ।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। একাংশ ক্ষুব্ধ লোকে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন। অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।