নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষী বিষয়াৰ৷ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷চাৰ্ভিচ ৰিভলভাৰেৰে ৫ জাঁই গুলীচালনা আৰক্ষী বিষয়াগৰাকীৰ৷
নিজা বাহনৰ পৰা নামি অহাৰ সময়তেই মন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি গুলীচালনা। বুকুত গুলী লগাৰ বাবে বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মন্ত্ৰীগৰাকী।
ইতিমধ্যে বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে৷ গুলীচালনাৰ মূল কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। আনহাতে, এই ঘটনা পূৰ্ব পৰিকল্পিত বুলি অনুমান কৰিছে আৰক্ষীয়ে।