Daily Time Axom

অসমীয়া ছবিৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান

41

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ অসমীয়া ছবিৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান । মহানগৰীৰ হেঙেৰাবাৰীস্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ প্ৰবীণ চলচ্চিত্ৰ পৰিচালকগৰাকীৰ।

গুণসিন্ধু হাজৰিকাৰ জন্ম ১৯৩০ চনত নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰা গাঁৱত। ২০০১ চনত কামৰূপ জিলাৰ উপায়ুক্তই আৰ্থিক দুৰ্যোগত ভোগা হাজৰিকাক উপায়ুক্ত কাৰ্যালয় চৌহদত এটা পিচিঅ’ স্থাপন কৰিবলৈ বিশেষ অনুমতি প্ৰদান কৰিছিল। এই ব্যৱয়াসৰ পৰা হোৱা আয় সামান্য আছিল যদিও চলি থাকিব পৰা হৈছিল। ২০০৯ চনত অসমত এলানি ধাৰাবাহিক বোমা বিস্ফাৰণ সংঘটিত হৈছিল। বিস্ফোৰণৰ পাছত কৰ্তৃপক্ষই সুৰক্ষাজনিত কাৰণত পিচিঅ’টো উঠাই দিছিল। একমাত্ৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনেৰে চলিবলগীয়া হোৱা হাজৰিকাই চৰম দাৰিদ্ৰৰ সন্মুখীন হৈছিল।

১৯৬০ৰ দশকত মুম্বাইত ৰাজ কাপুৰৰ এখন ছবিৰ স্পটবয়ৰ কামেৰে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলাইছিল। তেওঁ সন্ধ্যাৰাগ (১৯৭৭), অনিৰ্বাণ (১৯৮১), মণিৰাম দেৱান (১৯৬৪), ললিতা, আদালত, মৰমী, তৰামাই, নয়নমণি আদি বহুটো ছবিৰ পৰিচালনা সহকাৰী আছিল। নয়নমণি ছবিৰ কাম কৰি থাকোঁতেই এক দুৰ্ঘটনাত পতিত হৈ তেওঁ চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱায়। স্বাধীনভাবে পৰিচালনা কৰা তেওঁৰ একমাত্ৰ অসমীয়া ছবিখন হ’ল অবুজ বেদনা (১৯৯৩)। শিশুছবি অবুজ বেদনাক হিন্দীত ডাব কৰি দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত দেখুৱাওৱা হৈছিল। ইন্দ্ৰমালতী আৰু এখন ছবি তেওঁ স্বাধীনভাবে পৰিচালনা কৰিছিল। সেইখন হ’ল ভোজপুৰী ভাষাৰ ছবি গোৰী।

তদুপৰি তেওঁ দুখন বলীউডী ছবি য়ে কানুন ৰং লায়েগী আৰু জব য়াদ কিসিকী আতি হ্যায়ৰ পৰিচালনাৰ সৈতে জড়িত আছিল।কামপুৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰোহনে কপিলী বঁটা-২০১৮ৰে তেওঁক সন্মানিত কৰে।

Comments are closed, but trackbacks and pingbacks are open.