Daily Time Axom

পাকিস্তানৰ বেলুচিস্তানত শোকাৱহ ঘটনা, দ খাৱৈত পৰি ৩৯ৰো অধিক যাত্ৰীৰ মৃত্যু

35

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ পাকিস্তানৰ বেলুচিস্তানত শোকাৱহ ঘটনা। যাত্ৰীবাহী বাছ দ খাৱৈত পৰি ৩৯ ৰো অধিক যাত্ৰীৰ মৃত্যু। বেলুচিস্তানৰ লাচবেলা জিলাত সংঘটিত হৈছে এই ঘটনা।

দুৰ্ঘটনাটোত ৩৯ ৰো অধিক লোক নিহত হয়। জানিব পৰা মতে, বাছখনত প্ৰায় ৪৮ জন যাত্ৰী আছিল ।

বাছখন কোৱেটাৰ পৰা কৰাচীলৈ গৈ আছিল। তীব্ৰ বেগত যোৱা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন দলঙৰ ৰেলিঙত খুন্দা মাৰি তলত পৰি যায় ।

বৰ্তমানলৈকে আৰক্ষীয়ে ১৭ টা মৃতদেহ উদ্ধাৰ কৰিছে। বাছখনৰ পৰা এটি শিশুসহ এগৰাকী মহিলাক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.