Daily Time Axom

ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন এতিয়াৰে পৰা পৰিচিত হ’ব ‘অমৃত উদ্যান’ হিচাপে

38

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেন এতিয়াৰে পৰা পৰিচিত হ’ব ‘অমৃত উদ্যান’ হিচাপে। শনিবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে এই সিদ্ধান্ত। ৰাষ্ট্ৰপতিৰ উপ-প্ৰেছ সচিব নাভিকা গুপ্তাই সংবাদ সংস্থা এএনআইক কয় যে, স্বাধীনতাৰ অমৃত মহোৎসৱৰ ৭৫ বছৰ উদযাপন উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনৰ বাগিচাক অমৃত উদ্যান হিচাপে সাধাৰণ নাম দিছে। অৱশ্যে, ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটত এতিয়াও দুয়োটা নাম উল্লেখ কৰা আছে।

ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটটোৰ মতে অমৃত উদ্যান বৰ্তমানলৈকে কেৱল বাৰ্ষিক উৎসৱ, বাগিচা উৎসৱৰ সময়ত ৰাইজৰ বাবে মুকলি কৰা হৈছিল, যি ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হৈছিল। কিন্তু এতিয়াৰে পৰা ৰাষ্ট্ৰপতি ভৱনৰ এই বাগিচাখন আগষ্টৰ পৰা মাৰ্চলৈ সাধাৰণ ৰাইজৰ বাবে মুকলি থাকিব।

Comments are closed, but trackbacks and pingbacks are open.