নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ শিৱসাগৰ জিলাৰ আমগুৰিত নিশা শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী। ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো। মটৰ চাইকেলখন লৈ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকাৰ সময়তে পাছফালৰ পৰা এখন ডাম্পাৰে খুন্দা মাৰে আৰু থিতাতে নিহত হয় বাইক আৰোহীজন। নিহত বাইক আৰোহীজন ১নং চিন্তামনিগড়ৰ মহব্বত আলি বুলি চিনাক্ত কৰা হৈছে।
মহব্বত আলি পেচাত এজন মাছ ব্যৱসায়ী বুলি জানিব পৰা গৈছে। ব্যৱসায় সামৰি ঘৰলৈ উভতি আহি থাকোতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।