Daily Time Axom

জামুগুৰিহাটৰ নাহৰবাৰীত দুস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ

33

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাহৰবাৰীত আজি এটা দুস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ কৰা হয় ৷ নাহৰবাৰীৰ পথাৰত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে ঈগলটো ৷ ৰাইজে জানিবলৈ দিয়া মতে, কোনো দুস্কৃতিকাৰীয়ে ঈগলটোক আক্ৰমণ কৰাত চৰাইটোৱে গুৰুতৰভাৱে আঘাত পায় ৷ গুৰুতৰভাৱে আহত ঈগলটো উৰিব নোৱাৰি পথাৰত পৰি থকা অৱস্থাত স্থানীয় প্ৰকৃতি প্ৰেমী গোবিন হাজৰিকাই ৰাইজৰ সহযোগত উদ্ধাৰ কৰি ডিপলোঙা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ত গতায় দিছে ৷ বনবিভাগে আহত ঈগল চৰাইটোক উন্নত চিকিৎসা প্ৰদান কৰি বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে বন বিষয়াই ৷

Comments are closed, but trackbacks and pingbacks are open.