নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে দুই ছাত্ৰ-ছাত্ৰীয়ে। ৰাষ্ট্ৰীয় ভিত্তিত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰঙিয়াৰ স্কুল অফ আৰ্টৰ শিক্ষাৰ্থী দেৱজিৎ বড়ো আৰু চৈয়দা চাহৰিন আহমেদে মহাৰাষ্ট্ৰত পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হোৱাক লৈ উৎফুল্লিত হৈ পৰিছে আৰ্ট স্কুল কৰ্তৃপক্ষৰ লগতে পৰিয়ালবৰ্গ।
আজিৰ শিশুসকলে মোবাইলত গেম খেলাত ব্যস্ত নাথাকি এনে ধৰণৰ মান ৰখাৰ বাবে আহ্বান শিক্ষয়ত্ৰী চৈয়দা চেলিমা আহমেদৰ।
অনাগত দিনত অসমৰ লগতে নিজৰ অঞ্চললৈ যাতে এনেধৰণে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে শিক্ষয়ত্ৰী চেলিমা আহমেদে ।
Comments are closed, but trackbacks and pingbacks are open.