Daily Time Axom

ঐতিহ্যমণ্ডিত এছিয়াৰ প্রথম ক্রীড়া পেভেলিয়ান ৰংঘৰৰ চৌপাশে অত্যাধুনিক প্রেক্ষাগৃহ

0 37

পৰ্যটকৰ আকৰ্ষনৰ বাবে ঐতিহাসিক সমলেৰে ভৰপুৰ শিৱসাগৰৰ বিকাশ তথা উন্নয়নৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিম – মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

অসমৰ প্ৰত্নতাত্ত্বিক সমলসমূহক তথা ঐতিহাসিক সম্পদবোৰ বিশ্বৰ দৰবাৰত উজলাই তোলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নিৰন্তৰ প্ৰয়াসৰ অংশ হিচাপে এছিয়া মহাদেশৰ প্ৰথমটো পেভিলিয়ন ৰূপে চিনাকী ঐতিহাসিক ৰংঘৰক প্ৰচাৰ, সংবৰ্ধন আৰু সৌন্দৰ্যবৰ্ধনৰে পৰ্যটন ক্ষেত্ৰৰ এক অতি আকৰ্ষণীয় কীৰ্তিচিহ্ন হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে ৰাইজৰ মতামত বিচাৰি কালি শিৱসাগৰ চহৰৰ যুৱদল প্ৰেক্ষাগৃহত শতাধিক গণ্য-মান্য ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকৰ সৈতে আয়োজিত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ৰংঘৰৰ চৌহদ সম্প্ৰসাৰণ আৰু বিভিন্ন সা-সুবিধা উপলব্ধ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় ৮৩ বিঘা মাটি অধিগ্ৰহণ কৰি লোক নিৰ্মাণ বিভাগৰ দ্বাৰা এটা প্ৰকল্পৰ আৰ্হি প্ৰস্তুত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। এই প্ৰকল্পটোৰ সন্দৰ্ভত কালি লাভ কৰা পৰামৰ্শসমূহ চালি-জাৰি চাই শিৱসাগৰৰ সাংসদ-বিধায়কসকলৰ সৈতে আলোচনা কৰি ইয়াক চূড়ান্ত ৰূপ দিয়া হ’ব আৰু নতুন বৰ্ষৰ বাজেটত ইয়াক ৰূপায়ণৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই প্ৰকল্পটোত পাঁচ হাজাৰ আৰু দুই হাজাৰ আসনসম্পন্ন এম্পিথিয়েটাৰ, পৰম্পৰাগত সাজ-পোছাক পৰিদৰ্শনৰ বিপণী আৰু থলুৱা খাদ্য সম্ভাৰ উপলব্ধ এখন খাদ্যগাঁও, এহাজাৰ গাড়ী ৰাখিব পৰা ব্যৱস্থা, ভূমিসংলগ্ন গেলেৰীৰ সৈতে আলোক আৰু আৱহ সংগীত প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব। উল্লেখযোগ্য যে ছশবছৰীয়া আহোম ৰাজত্বকালৰ অনুপম ভাস্কর্য খোদিত এছিয়াৰ প্রথম ক্রীড়া পেভেলিয়ান ৰংঘৰৰ চৌপাশে অত্যাধুনিক প্রেক্ষাগৃহ, হেৰিটেজ ভিলেজ, থলুৱা গাঁও আদিৰে অত্যাধুনিক পদ্ধতিৰে পয্যটকক আকৰ্ষন কৰিবৰ বাবে পৰিকল্পনা সাজু কৰি তুলিছে ৰাজ্য চৰকাৰে। দেওবাৰে সন্ধিয়া শিৱসাগৰ যুৱদলত জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ঐতিহাসিক ৰংঘৰক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰে যুগুত কৰা অভিলাষী আঁচনিৰ কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় এঘণ্টা ধৰি আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ জেষ্ঠ বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ইয়াৰ পিছতেই আৱৰ্ত ভৱনৰ পৰা গায়ন- বায়নৰ আদৰণিৰ মাজেৰে খোজকাঢ়ি শিৱসাগৰ বৰ পুখুৰীৰ পাৰৰ যুৱদল প্ৰেক্ষাগৃহত মত বিনিময় অনুষ্ঠানত উপস্থিত হয়। ৰংঘৰৰ চৌপাশ সৌন্দয্যবৰ্ধনৰ বাবে জিলাখনৰ বিশিষ্ট শিক্ষাবিদ, বুৰঞ্জীবিদ, কেইবাটাও জনগোষ্ঠীয় সংগঠন লগতে বিভিন্ন প্ৰান্তৰ ২০০ গৰাকী জ্যেষ্ঠ ব্যক্তিৰ সৈতে এক মত-বিনিময় অনুষ্ঠানত মিলিত হয়। ৮৩ বিঘা মাটি অধিগ্রহণেৰে নিৰ্মাণ হ’বলগীয়া অভিলাষী ঐতিহ্য সাংস্কৃতিক প্ৰকল্পটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত থকা ব্যক্তিসকলৰ পৰা পৰামৰ্শ তথা বিজ্ঞানসন্মত এক আলোচনা বিচাৰে। আলোচনাৰ কালত আটাছুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি বসন্ত গগৈ, আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকন, টাইপাৰ দিগন্ত তামুলী, জ্যেষ্ঠ নাগৰিক তথা মহাবিদ্যালয়ৰ বহুকেইগৰাকী প্রাক্তন আৰু বৰ্তমানৰ অধ্যক্ষ, শিৱসাগৰৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলে চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনিখনক আদৰণি জনোৱাৰ লগতে ঐতিহ্যক হানি নকৰাকৈ এই ঐতিহ্য সাংস্কৃতিক আঁচনি ৰূপায়ণেৰে শিৱসাগৰক এক নতুন মাত্রা দিবলৈ পৰামৰ্শ আগবঢ়ায়। অহা বিত্তীয় বৰ্ষৰ বাজেটত মুঠ পুঁজি নিৰ্ধাৰণ হ’বলগীয়া এই অভিলাষী আঁচনিৰ অধীনত ৰংঘৰৰ কাষত পাঁচ হাজাৰ দৰ্শক বহিব পৰা অত্যাধুনিক প্ৰেক্ষাগৃহ, তিনিহাজাৰ, দুহেজাৰ দৰ্শক বহিব পৰা অত্যাধুনিক প্রেক্ষাগৃহ আৰু এম্পি থিয়েটাৰ, হেৰিটেজ ভিলেজ, থলুৱা আদর্শ গাঁও, থলুৱা বিপণী, ১০ বিঘা মাটিৰ এটি পুখুৰীৰ লগতে অসংৰক্ষিত প্রাচীন সাঁচিপাতৰ পুথিসমূহ টাই মিউজিয়ামত বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, এচিয়াৰ প্ৰথম পেভিলিয়ন হিচাপে প্ৰখ্যাত ঐতিহাসিক ৰংঘৰক বিশ্ব পৰ্যটনৰ মানচিত্ৰত উপস্থাপন কৰাৰ উদ্দেশ্যে ৰংঘৰক কেন্দ্ৰ কৰি বিভিন্ন সা-সুবিধা বৰ্দ্ধিত কৰি এটা প্ৰকল্প নিৰ্মাণৰ উদ্দেশ্যে অসম চৰকাৰে ইতিমধ্যে ৰংঘৰৰ কাষত ৮৩ বিঘা ভুমি অধিগ্ৰহণ কৰিছে আৰু এটা প্ৰকল্প নিৰ্মাণৰ আকৃতি প্ৰস্তুত কৰি উলিৱাইছে ৷শিৱসাগৰৰ বিশিষ্ট ব্যক্তিসকলৰ সন্মুখত লোক নিৰ্মাণ বিভাগে পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যনৰ মাধ্যমত সেই প্ৰকল্পটি প্ৰদৰ্শন কৰে আৰু বিভিন্নজনে ইয়াৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ৷
মুখ্যমন্ত্ৰীয়ে অৱগত কৰে যে বিশিষ্ট ব্যক্তিসকলৰ পৰামৰ্শসমূহ চালি-জাৰি চাই পৰৱৰ্ত্তী পৰ্যায়ত শিৱসাগৰ জিলাৰ সাংসদ-বিধায়কসলকৰ লগত আলোচনা কৰি প্ৰকল্পটো চূড়ান্ত কৰাৰ সন্দৰ্ভত গ্ৰহণ কৰা হ’ব আৰু নতুন বৰ্ষৰ বাজেটৰ লগে-লগে ইয়াক ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰা হ’ব ৷ এই প্ৰকল্পটোত ৫০০০ ব্যক্তিয়ে বহি বিহু চাব পৰাকৈ এটা Ampitheatre নিৰ্মাণ, ২০০০ লোক বহিব পৰাকৈ এটা Ampitheatre নিৰ্মাণ, ৯ বিঘা মাটিত এটা পুখুৰী নিৰ্মাণ, পৰম্পৰাগত খাদ্য-সম্ভাৰৰ বাবে এখন গাঁওৰ নিৰ্মাণ, বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক প্ৰদৰ্শনৰ বাবে আৰু পৰ্যটকৰ আকৰ্ষণৰ বাবে সৰু-সৰু পৰম্পৰাগত আৰ্হিত বিপণীৰ নিৰ্মাণ, ৰংঘৰৰ পিছফালৰ পৰা সোমাবৰ বাবে ১০০০ খন গাড়ী পাৰ্কিংৰ বাবে, ৰংঘৰত Light & Sound Show চাবৰ বাবে মাটিৰ গেলাৰী নিৰ্মাণ, আদি বিভিন্ন সা-সুবিধাৰ ব্যৱস্থা কৰা হ’ব ৷ উক্ত অনুষ্ঠানত কেবিনেট মন্ত্ৰী ড০ ৰনোজ পেগু , জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংঘল , সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ পবিত্ৰ মাৰ্ঘেৰিটা , শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ , লোক নিৰ্মাণ (গৃহ) বিভাগৰ আয়ুক্ত চিৰাজ চক্ৰৱৰ্ত্তী আদি উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.