Daily Time Axom

গৌৰীপুৰ পৰ্বতঝোৰা বগৰীবাৰীত এটা পৰিয়ালে মাটি ক্ৰয় কৰি এতিয়া চিন্তাত পৰিছে

0 58

ধুবুৰী জিলা গৌৰীপুৰ পৰ্বতঝোৰা বগৰীবাৰীত এটা পৰিয়ালে মাটি কিনি এতিয়া চিন্তাত পৰিছে। বগৰীবাৰী নবিৰ উদ্দিন নামৰ ব্যক্তি জনে 2004 চনত হাৰান সূত্ৰধৰ নামৰ ব্যক্তি জনৰ পৰা দুই কটা দুই লেচা মাটি ক্ৰয় কৰি লয় বুলি জনাইদিয়ে। পৰৱৰ্তী সময়ত হাৰান সুত্ৰধৰ নামৰ ব্যক্তি জনৰ উক্ত মাটিৰ লগতে থকা মাটিত ঘৰভাৰ থকা কেইজন ব্যক্তিয়ে নবীৰ উদ্দিণ নামৰ ব্যক্তি জনৰ মাটি খিনি দখল কৰি আছে বুলি প্ৰকাশ কৰে। নবীৰ উদ্দিন নামৰ ব্যক্তি জনে ক্ৰয় কৰা দুই কটা দুই লেছা মাটিৰ পৰিবৰ্তে বগৰীবাৰী চক্ৰ বিষয়া কাৰ্যলয়ৰ পৰা এক কটা এক লেছা মাটিত নাম অন্তৰ্ভুক্ত হয় বুলি জনাই দিয়ে। উক্ত মাটিক লৈ দুয়ো পক্ষৰ মাজত কাজিয়া হোৱাত নবীৰ উদ্দিন নামৰ ব্যক্তি জনে এজাহাৰ দাখিল কৰাৰ লগতে ধুবুৰী উপযুক্ত কো জাননী দিয়ে কিন্তুকোনো ধৰণৰ সহায় পোৱা নাই বুলি জনাই দিয়ে। আজি উক্ত মাটিৰ সমাধানৰ বাবে বগৰীবাৰি চক্ৰ বিষয়া কৰ্য্যলয়ৰ পৰা মণ্ডল আহিছিল যদিও কোনো ধৰণৰ সমাধান হোৱা নাই বুলি মণ্ডল গৰাকীয়ে জনাই দিয়ে। পৰবৰ্তী সময়ত নতুনকৈ দিন ধাৰ্য্য কৰি সমাধান কৰাৰ আশ্বাস দিয়ে।
আনফালে ভুক্ত ভুগীয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে উপযুক্ত প্ৰমানৰ ভিত্তিত তদন্ত কৰি নিজৰ প্ৰাপ্য খিনি আদায় কৰি দিবলৈ।

Leave A Reply

Your email address will not be published.