Daily Time Axom

মহিলা মহিলাৰ প্ৰেমত মছগুল

0 28

এইবাৰ চিৰাঙত সংঘটিত হৈছে এক নাভূত নাশ্ৰুত কাণ্ড। মহিলাৰ প্ৰেমত পৰিল মহিলা।
এই ঘটনা সংঘটিত হৈছে জিলাখনৰ পূব এংকৰবাৰীৰ খালপাৰাত।
আ বেগম নামৰ এগৰাকী বিবাহিতা মহিলাই ম বেগম নামৰ আন এগৰাকী মহিলাৰে তিনি বছৰে প্ৰেমৰ সম্পৰ্ক থকাৰ দাবী।
দুয়োৰে মিলনত বাধা আৰোপ কৰিলে আত্মহননৰো ভাবুকি পৰিয়ালৰ লোকক।ইফালে ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চল খনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।স্থানীয় লোকৰ ভাষ্য এয়া কোনো পধ্যেই সম্ভৱ নহয়।

এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ পূব এংকৰবাৰীৰ খালপাৰা গাঁৱত। গাঁও খনৰ এগৰাকী বিবাহিতা মহিলা তথা এটা সন্তানৰ মাতৃ আ বেগমে ম বেগম নামৰ আন এগৰাকী মহিলাৰে তিনি বছৰে প্ৰেমৰ সম্পৰ্ক থকাৰ দাবী কৰি বিবাহ পাশত আবদ্ধ হোৱাৰ বাবে প্ৰস্তুত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত।

উল্লেখযোগ্য যে আঞ্জুমা বেগম নামৰ মহিলাগৰাকী এটা সন্তানৰ মাতৃ হোৱাৰ লগতে মহিলাগৰাকীৰ স্বামীয়ো আছে।আনহাতে মমতাজ বেগম স্বামী মৃত।ইফালে আ বেগমৰ দাবী সমাজে মানি ল’লে তেওঁৰ স্বামীয়ে সন্মতি দিব তেওঁলোকৰ বিয়াত।

আনহাতে স্থানীয় লোকৰ ভাষ্য এয়া কোনো পধ্যেই সম্ভৱ নহয়।

এই ঘটনাটোক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

Leave A Reply

Your email address will not be published.