Daily Time Axom

ৰঙিয়াত বিধায়ক ভৱেশ কলিতা শুভ উদ্বোধন কৰিলে ৯ টাকৈ পকী পথ

0 26

যোগা যোগ ব্যৱস্থা সুচল হ’লে এখন ঠাই সকলো ফালৰ পৰা উন্নতি হয় । এনে এক চিন্তা ধাৰাৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই বিগত সময়চোৱাত পকি পথৰ লগতে পকি দলং নিৰ্মাণত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । ৰঙিয়া লোকনিৰ্মাণ বিভাগৰ দ্বাৰা সম্পূৰ্ণ হৈ উঠা সমষ্টিটোৰ ৰঙিয়া আৰু গোৰেশ্বৰৰ ৯ টাকৈ পকি আৰু পেভাৰ ব্লকৰ পথৰ শুভ উদ্ধোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই । প্ৰায় ১৪ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ উঠা ১৭ কিলোমিটাৰ দৈৰ্ঘৰ পথ কেইটা শুভ উদ্ধোধন কৰি বিধায়ক গৰাকীয়ে অত্যন্ত সুখী বুলি মত পোষণ কৰে । RIDF XXlV আৰু SOPD আঁচনিৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা পথৰ শুভ উদ্ধোধনী অনুষ্ঠানত বিধায়ক গৰাকীয়ে আৰু কয় যে নৱ নিৰ্মিত পকী পথ সমুহ সুন্দৰ আৰু চাফ চিকুণ কৈ ৰখাৰ ক্ষেত্ৰত অকল বিভাগকে দায়িত্ব দিলে নহ’ব । ইয়াৰ প্ৰধাণ দায়িত্ব ল’ব লাগিব ৰাইজে । সকলোৱে কিছু সচেতনতা হৈ যিয়ে যেনেকৈ পাই তেনেকৈ পিক ফেলাই নষ্ট নকৰিবলৈকো অনুৰোধ জনাই বিধায়ক গৰাকীয়ে । ইফালে শুভ উদ্বোধনী কাৰ্য্যসূচীত বিধায়ক গৰাকীৰ লগতে ৰঙিয়া ক্ষেত্ৰিয় পথ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা দীপক বৈশ্য আৰু বিভাগটোৰ ৰঙিয়া উপ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা বিশ্বজিৎ কাকতি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.