নিউজ ডেস্ক, ৩০ জানুৱাৰীঃ আজি সামৰণি পৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা। ৪৫ দিনত ১৪ খন ৰাজ্যৰ ৪,০৮০ হাজাৰ কিঃমিঃ পথ অতিক্ৰম ৰাহুল গান্ধীৰ। ২০২২ বৰ্ষৰ ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা। কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ শ্ৰীনগৰত সামৰণি অনুষ্ঠান। শ্বেৰ-ই-কাশ্মীৰ ষ্টেডিয়ামৰ পৰা উলিওৱা হ’ব বিশাল ৰেলী। সমগ্ৰ যাত্ৰাকালত ১২ খন ৰাজহুৱা সভা, ১৩ খন সংবাদমেল আৰু ১০০ খনৰো অধিক দলীত সভাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ।