Daily Time Axom

ঐতিহাসিক ৰংঘৰক কেন্দ্ৰ কৰি পৰ্যটন আৰু বিভিন্ন সা সুবিধা থকা প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

24

নিউজ ডেস্ক, ৩০ জানুৱাৰীঃ শিৱসাগৰত দেওবাৰে নিশা উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত বিশিষ্ট নাগৰিকৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ । ৮৩ বিঘা ভূমি অধিগ্ৰহণ আৰু নক্সা তৈয়াৰ কৰা হৈছে । ঐতিহাসিক ৰংঘৰক কেন্দ্ৰ কৰি এটা পৰ্যটন আৰু এটা বিভিন্ন সা সুবিধা থকা প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীৰ ।

বিশিষ্ট নাগৰিকসকলে আগবঢ়োৱা পৰামৰ্শ চালি জাৰি চোৱা পিছত চূড়ান্ত কৰা হ’ব । প্ৰকল্পটোত ৫ হেজাৰ লোকে একেলগে বহি বিহু চাব পৰাকৈ এম পি থিয়েটাৰ হ’ব । ২ হাজাৰ লোক বহিব পৰা এম পি থিয়েটাৰ হ’ব । ১০ হেজাৰ ভূমিত নিৰ্মাণ কৰা হ’ব পুখুৰী । আধুনিক আৰু পৰম্পৰাগত খাদ্য সম্ভাৰেৰে এখন গাঁও নিৰ্মাণৰো ঘোষণা মুখ্যমন্ত্ৰীৰ । পৰম্পৰাগত সাজ পাৰ প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব । অহা বিত্তীয় বৰ্ষৰ পৰাই এই ঘোষণাসমূহ কাৰ্যকৰী তথা ৰূপায়ন কৰিবলৈ চেষ্টা কৰিব বুলিও সদৰি কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।‌

Comments are closed, but trackbacks and pingbacks are open.