নিউজ ডেস্ক, ৩০ জানুৱাৰীঃ পাকিস্তানত পুনৰ বোমা বিস্ফোৰণ। পেছোৱাৰৰ পুলিচ লাইনছ এলেকাত এই বিস্ফোৰণ। বিস্ফোৰণত ৭০ জনতকৈয়ো অধিক লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে। ঘটনাস্থলীত নিৰাপত্তাৰক্ষী, উদ্ধাৰকাৰী দলে চলাই আছে অভিযান।
বিস্ফোৰণটো পেছোৱাৰৰ এটা মছজিদত হয়।জানিব পৰা মতে সোমবাৰে দুপৰীয়া মছজিদত প্ৰাৰ্থনাৰ কৰি থকা সময়ত বিস্ফোৰণ হয় ।
তথ্য অনুসৰি এই বিস্ফোৰণটো আত্মঘাটি বিস্ফোৰণ আছিল । য’ত ৭০ জনৰো অধিক লোক আহত হৈছে । আহত সকলক পেছাৱাৰৰ এখন হাস্পটালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকে জানিবলৈ দিয়া মতে আহতসকলৰ ১৩ জনৰ অৱস্থা অতি সংকটজনক ।