নিউজ ডেস্ক, ৩০ জানুৱাৰীঃ লখিমপুৰৰ বিহপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী সংবাদ কৰ্মীৰ। নিহত সংবাদকৰ্মীগৰাকীৰ নাম ডলী হাজৰিকা। দেওবাৰে নিশা বিহপুৰীয়াৰ সন্তপুৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। এখন তীব্ৰবেগী আলট্ৰা বাছে মহতিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত ডলীৰ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয়।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ডলীৰ পিতৃ দিলীপ হাজৰিকা। আহত দিলীপ হাজৰিকা বৰ্তমান চিকিৎসাধীন। বিবাহ যাত্ৰী কঢ়িয়াই নিয়া এখন বাছে মহতিয়াই নিয়ে পিতৃ–কন্যাক। দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাছখনৰ চালকজন।
উল্লেখযোগ্য যে গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল ডলী। ছুটী লৈ ঘৰলৈ গৈছিল যুৱতীগৰাকী। সন্ধিয়া পিতৃৰ সৈতে ঘৰৰ পৰা মাংস কিনিবলৈ ওলাই আহিছিল ডলী। সেই সময়তে তীব্ৰবেগী বাছখনে মহতিয়াই নিয়ে পিতৃ–কন্যাক। যাৰ ফলত ডলী হাজৰিকাৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈ বৰ্তমান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ডলীৰ পিতৃ।
Comments are closed, but trackbacks and pingbacks are open.