Daily Time Axom

পাকিস্তানৰ বিস্ফোৰণত ১০০জন লোকৰ মৃত্যু

0 29

পাকিস্তানৰ মছজিদত সংঘটিত আত্মঘাতী বিস্ফোৰণত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। জানিব পৰা মতে সোমবাৰে সংঘটিত হোৱা আত্মঘাতী বিস্ফোৰণত এতিয়ালৈকে ৯৩ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হৈছে কমেও ২২১জন লোক। আনহাতে, তদন্তকাৰী দলে মঙলবাৰে বিস্ফোৰণৰ কাৰণ হোৱা সন্ত্ৰাসবাদীৰ মূৰটো উদ্ধাৰ কৰে। তদন্তকাৰীৰ প্ৰাৰম্ভিক ধাৰণা অনুসৰি বিস্ফোৰণৰ তীব্ৰতাৰ বাবে উগ্ৰপন্থীৰ মূৰটো মৃতদেহৰ পৰা পৃথক কৰা হৈছে। এই ভয়াবহ বিস্ফোৰণৰ দায়িত্ব ইতিমধ্যে গ্ৰহণ কৰিছে পাকিস্তানী তালিবানে।

Leave A Reply

Your email address will not be published.