Daily Time Axom

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ফোনযোগে হত্যাৰ ভাবুকি

49

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকি। সোমবাৰে নিশা ফোনযোগে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ। দিল্লী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। এই তথ্য প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ মতে, অভিযুক্তজনৰ মানসিক অৱস্থা ভাল নহয়। নিশা প্ৰায় ১২.০৫ বজাত পিচিআৰৰ যোগেদি কল কৰি ভাবুকি প্ৰদান কৰিছিল।

মানসিকভাৱে বিকাৰগ্ৰস্ত অভিযুক্তজনক ৩৮ বছৰীয়া জয় প্ৰকাশ বুলি চিনাক্ত কৰা হৈছে । অৱশ্যে, অভিযুক্তজন দিল্লীৰ গুলাবি বাগত চিকিৎসাধীন হৈ আছিল।

Comments are closed, but trackbacks and pingbacks are open.