নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী হ’ব বিশাখাপট্টনম। এতিয়া আৰু ৰাজ্যৰ ৰাজধানী অমৰাৱতী নহয়। এই সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ নতুন ৰাজধানী হিচাপে পৰিচিত হ’ব।
দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ৱাই এছ আৰ কংগ্ৰেছৰ মুৰব্বী জগন ৰেড্ডীয়ে কয় যে, ‘আগন্তুক দিনত আমাৰ ৰাজধানী হ’বলগীয়া বিশাখাপট্টনমলৈ আপোনাক নিমন্ত্ৰণ জনাইছোঁ। মই নিজেই অনাগত মাহত বিশাখাপট্টনমলৈ স্থানান্তৰিত হ’ম।’
Comments are closed, but trackbacks and pingbacks are open.