অনলাইন ক্লাছ কৰি আছিল! দুই যুৱকে ঘৰত প্ৰৱেশ কৰি হত্যা কৰে শিক্ষকক

অনলাইন ক্লাছৰ সময়ত এগৰাকী শিক্ষকক ডিঙি চেপি হত্যা কৰা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি কৃষ্ণ কুমাৰ যাদৱ নামৰ শিক্ষকজনে অনলাইনত ক্লাছ দি আছিল। সেই সময়ত দুজন মানুহ তেওঁৰ ঘৰত প্ৰৱেশ কৰি ডিঙি চেপি হত্যা কৰে। প্ৰসংগক্ৰমে তেওঁ ক্লাছ দি থকা সেই ফোনতেই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হৈছিল। সেই ভিত্তিতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশৰ ফৰ্বছগঞ্জ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

কোৱা হয় যে শিক্ষকজনে আগতে তাত এটা ঘৰ ভাড়াত লৈছিল। আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে সন্ধিয়া তেওঁ অকলে ঘৰত আছিল। সেই সময়ত দুজন মানুহ সোমাই তেওঁক হত্যা কৰিলে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃতসকলৰ এজনৰ সম্পৰ্ক আছিল শিক্ষকগৰাকীৰ ভগ্নীৰ সৈতে। যিহেতু কৃষ্ণ যাদৱে এই কথা মানি লোৱা নাছিল, সেয়েহে এই ঘটনা প্ৰতিশোধ ল’বলৈ কৰা হৈছিল। কোৱা হৈছে যে হত্যাকাণ্ডৰ পূৰ্বে দুয়োপক্ষৰ মাজত তৰ্ক-বিতৰ্ক হৈছিল। ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লোৱা হৈছে।

AssambollywoodDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment