কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আয়কৰ ৰেহাইৰ উচ্চ সীমা বৃদ্ধি কৰিলে।
যিটো বছৰি পাঁচ লাখ টকাৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি পালে।
ইয়াৰ বাহিৰেও যদি কোনোবাই এবছৰত ৯ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰে তেন্তে তেওঁ ৪৫ হাজাৰ টকা আয়কৰ দিব লাগিব।
যিটো পূৰ্বতকৈ ২৫ শতাংশ কম।
যিসকলৰ বাৰ্ষিক আয় ১৫ লাখ টকা, তেওঁলোকে ১.৫ লাখ টকাৰ কৰ দিব লাগিব। আগতে ১ লাখ ৮৭ হাজাৰ টকা দিবলগীয়া হৈছিল।
২০২৪ চনত লোকসভা নিৰ্বাচন। ইয়াৰ বাহিৰেও এইবাৰ দেশৰ ৯খন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। তাৰ ওপৰত চকু ৰাখি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত কয় যে বছৰি ৩ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো কৰ আদায় দিয়া নহ’ব। ৩ লাখৰ পৰা ৬ লাখ টকাৰ ভিতৰত বাৰ্ষিক আয়ৰ ওপৰত ৫% কৰ দিব লাগিব। ৬ লাখৰ পৰা ৯ লাখ টকাৰ ভিতৰত আয়ৰ ওপৰত ১০ শতাংশ কৰ হ’ব। যদি বাৰ্ষিক আয় ৯ লাখৰ পৰা ১২ লাখ টকাৰ ভিতৰত হয় তেন্তে ১৫ শতাংশ কৰ হ’ব।
আকৌ যদি বাৰ্ষিক আয় ১২ লাখৰ পৰা ১৫ লাখৰ ভিতৰত হয় তেন্তে কৰৰ পৰিমাণ হ’ব ২০ শতাংশ আৰু যদি বাৰ্ষিক আয় ১৫ লাখ টকাৰ অধিক হয়, তেন্তে ৩০ শতাংশ কৰ দিব লাগিব।