ইৰাণৰ আদালতে ছ’চিয়েল মিডিয়াত ৰাজহুৱা স্থানত নৃত্য কৰা ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ইৰাণী দম্পতীক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
দেশৰ আদালতে তেওঁলোকক দুৰ্নীতি, বেশ্যাবৃত্তি আৰু অপপ্ৰচাৰৰ দোষী সাব্যস্ত কৰে।
ভিডিঅ’টোত দেখা গৈছে যে তেহৰাণৰ আজাদি (ফ্ৰিডম) টাৱাৰত এই দম্পতীহালে নাচি আছিল। ইৰাণৰ নৈতিকতা আৰক্ষীয়ে আটক কৰি ৰখা এগৰাকী যুৱতীৰ মৃত্যুৰ পিছত ইৰাণৰ কৰ্তৃপক্ষই প্ৰতিবাদত জড়িত হৈ পৰাসকলক শাস্তি প্ৰদান কৰিছে। অৱশ্যে ইৰাণত চলি থকা প্ৰতিবাদৰ সৈতে এই দম্পতীহালৰ নৃত্যৰ কোনো সম্পৰ্ক নাই।
এই ভিডিঅ’টো ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰাৰ পিছতে দম্পতীহালক গ্ৰেপ্তাৰ কৰা হয়। ছ’চিয়েল মিডিয়াত তেওঁলোকৰ অনুগামী প্ৰায় ২০ লাখ।