Daily Time Axom

মছজিদৰ পিছতে পাকিস্তানৰ থানাত আক্ৰমণ উগ্ৰপন্থীৰ

0 30

পেছাৱৰৰ মছজিদত আক্ৰমণৰ ৪৮ ঘণ্টাৰ ভিতৰতে উগ্ৰপন্থীয়ে আন এক বৃহৎ আক্ৰমণ কৰে। এইবাৰ তেওঁলোকৰ লক্ষ্য কৰি লৈছিল পঞ্জাৱ প্ৰদেশৰ মিয়ানৱালী জিলাৰ এখন থানা।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে নিশা ২০-২৫ জনীয়া উগ্ৰপন্থীৰ এটা দলে মিয়ানৱালী থানা ঘেৰাও কৰে। ইয়াৰ পিছতে তেওঁ থানাত প্ৰৱেশ কৰি পুলিচকেইজনৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰিলে। হঠাৎ আক্ৰমণৰ পিছতো আৰক্ষীয়ে পৰিস্থিতি চম্ভালিলে। তেওঁলোকেও উত্তৰত গুলীচালনা কৰে। দুয়োপক্ষৰ মাজত তীব্ৰ যুদ্ধ সংঘটিত হয়।

পঞ্জাৱ আৰক্ষী মহাপৰিদৰ্শক (আই জি) উছমান আনোৱাৰে কয় যে উগ্ৰপন্থীয়ে অত্যাধুনিক অস্ত্ৰৰে আক্ৰমণ সংঘটিত কৰে। ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ তেওঁলোকে থানাত সোমাবলৈ চেষ্টা কৰিলে। কিন্তু থানাৰ আৰক্ষী বিষয়া আৰু কৰ্মচাৰীয়ে উপযুক্ত উত্তৰ দিয়ে। এই ঘটনাত কেইবাজনো উগ্ৰপন্থী আহত হোৱা বুলি দাবী কৰে আই জিয়ে। অৱশ্যে কোনো উগ্ৰপন্থী সংগঠনে থানাখনত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই বুলি আই জিয়ে জানিবলৈ দিয়ে।

তেহৰিক-ই-তালিবান পাকিস্তান উগ্ৰপন্থী সংগঠনে সোমবাৰে পেছাৱাৰৰ এটা মছজিদত আত্মঘাতী আক্ৰমণ সংঘটিত কৰে। সেই বিস্ফোৰণত ১০০ জন লোকৰ মৃত্যু হয়। আঘাতপ্ৰাপ্তৰ সংখ্যা এশৰ ওচৰ চাপিছে।

Leave A Reply

Your email address will not be published.