ৰে’লৱে খণ্ডত কেন্দ্ৰীয় চৰকাৰৰ আৱণ্টন ২.৪০ লাখ কোটি টকা, ৫০টা বিমান বন্দৰ, হেলিপেড

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিছে ২০২৩–২৪ বৰ্ষৰ সাধাৰণ বাজেট। বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কয়, নগৰ উন্নয়নৰ বাবে ৰাজ্যক উৎসাহিত কৰা হ’ব। পুনৰ উজ্জীৱিত কৰা হ’ব ৫০টা বিমান বন্দৰ, হেলিপেড। ৫০টা অতিৰিক্ত আঞ্চলিক বিমানবন্দৰৰ প্ৰস্তাৱ বাজেটত।

বাজেটত ৰে’ল খণ্ডলৈ ২.৪০ লাখ কোটি টকাৰ প্ৰস্তাৱ বিত্তমন্ত্ৰীৰ। ৰে’লৰ বাবে সৰ্বকালৰ সৰ্ববৃহৎ বাজেট। কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ বাবে চেণ্টাৰ ফৰ এক্সিলেঞ্চৰ প্ৰস্তাৱ বাজেটত। কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৩টা কেন্দ্ৰ স্থাপন কৰা হ’ব।

ৰে’লৱেৰ বাবে ১০০খন নতুন আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নতুন আঁচনিৰ বাবে ৭৫ কোটি টকাৰ পুঁজিও দিয়া হৈছে। যাত্ৰীসকলৰ যাত্ৰা সহজ কৰি তোলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

Daily time axomFinance MinisterIndiaNew DelhiNirmala SitharamanUnion Budget 2023