ঝাৰখণ্ডৰ ধানবাদত বহু মহলীয়া অভিজাত অট্টালিকাত অগ্নিকাণ্ড, অগ্নিকাণ্ডত ১৪ জন নিহত

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰীঃ ঝাৰখণ্ডৰ ধনবাদ চহৰৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়।

মঙলবাৰে সন্ধিয়া ধানবাদৰ বেংক চাৰিআলিৰ ওচৰৰ জোৰা ফাটক অঞ্চলৰ ১১ মহলীয়া আশীৰ্বাদ এপাৰ্টমেণ্টত অগ্নিকাণ্ডটো সংঘটিত হয়।

অগ্নিকাণ্ডটোত বহু পৰিয়াল আৱদ্ধ হৈ আছিল আৰু ইয়াৰে অধিকাংশক অগ্নিনিৰ্বাপক বাহিনীৰ দল আৰু প্ৰশাসনৰ সহায়ত উদ্ধাৰ কৰে।

৪০ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে ঘটনাস্থলীলৈ গৈ জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে বুলি জনিব পৰা গৈছে।

“মঙলবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰে। তেওঁ মৃতকৰ পৰিয়ালৰ বাবে ২ লাখ টকা আৰু আহতসকলৰ পৰিয়ালৰ বাবে ৫০,০০০ টকা ঘোষণা কৰে।

Assamese NewsBiharDaily time axomDeathDhanbadIndiaInjuredMassive fireNarendra Modi