Daily Time Axom

চেল্ফী উঠি ভাল পোৱা এটা ভালুক

0 42

স্মাৰ্ট ফোনৰ যুগত আঠৰ পৰা আশীখনলৈকে চেল্ফী উঠাটো সাধাৰণ কথা।

মাজে মাজে হওক বা বিৰক্তি মাৰিবলৈকে হওক, ইখনৰ পিছত সিখনকৈ ফটো তুলি বহুতে ভাগৰি নাযায়। আপুনি কেতিয়াও একেৰাহে ৪০০ খন চেলফি হয়তো আপুনি মাৰি পোৱা নাই! কিন্তু এটা ভালুকে চেল্ফী তুলিলে।

ভালুকটোৱে তোলা অসংখ্য চেলফিৰ ভিতৰত কেইখনমান ইতিমধ্যে ৰাজহুৱা হৈছে।

ক’লৰাড’ৰ বোল্ডাৰ ফৰেষ্টত সংঘটিত হৈছে এই ঘটনা।

বোল্ডাৰ ওপেন স্পেচ মাউণ্টেন পাৰ্ক অৰ্গেনাইজেশ্যনে ফটোসমূহ শ্বেয়াৰ কৰিছে।

ফটোৰ কেপচনত লিখা আছে, ‘বন্যপ্ৰাণী পৰ্যবেক্ষণৰ বাবে আমি ব্যৱহাৰ কৰা এটা শেহতীয়া বন্যপ্ৰাণী কেমেৰা। আৰু সেই কেমেৰাত তোলা ৫৮০খন ছবিৰ ভিতৰত ৪০০খন আছিল ভালুকৰ চেল্ফী।”

বিভিন্ন ভংগীমাত ভালুকটোৰ চেল্ফী দেখি নেটিজেনসকলে হাঁহিছিল। বন্যপ্ৰাণীৰ প্ৰকাশভংগী দেখি জন্তুপ্ৰেমীসকলো আচৰিত হৈছে।

Leave A Reply

Your email address will not be published.