কেন্দ্ৰীয় বাজেটত কি কি সামগ্ৰীৰ দাম বাঢ়িল? কি কি সামগ্ৰীৰ দাম কমিল?

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দিনৰ ১১ বজাত সংসদত উত্থাপন কৰে পূৰ্ণাংগ বাজেট৷ বাজেটত কি সামগ্ৰীৰ দাম বাঢ়িল, কি সামগ্ৰীৰ দাম কমিল জানো আহক-

সোণ, প্লেটিনাম, ৰূপ, চিগাৰেট, হেডফোন আৰু ইয়াৰফোন ,ছাতি, এক্স-ৰে যন্ত্ৰ,ইমিটেচন জুৱেলাৰী ,ফ্ৰোজেন স্কুইড ,স্মাৰ্ট মিটাৰ ,এচাফোটিডা,সৌৰ কোষ আদিৰ দাম বৃদ্ধি পাব৷

কৰ ৰেহাইৰ ফলত বৈদ্যুতিক গাড়ীৰ মূল্য হ্ৰাস পাব। জৈৱ গেছৰ মূল্য হ্ৰাস হ’ব । ম’বাইল পাৰ্টচ, টেলিভিছন পাৰ্টচ, কাৰ পাৰ্টচ, কেমেৰা লেন্স, বেটাৰি, পুতলাৰ ওপৰত কৰ ৰেহাই দিয়া হৈছে।সেয়ে এনেবোৰ দেশত নিৰ্মিত মোবাইল ফোনৰ মূল্য হ্ৰাস পাব। পাকঘৰৰ চিমনিৰ ওপৰত কৰ ৰেহাই। উদ্যোগটোত ব্যৱহৃত সুৰাৰ ওপৰত কৰ ৰেহাই। মোবাইল ফোন চাৰ্জাৰ, কোকো বীন সৌৰ মডিউল, মিথাইল এলকহলৰ দাম কমিব৷

Assamese NewsDaily time axomFinance MinisterNew DelhiNirmala Sitharaman