কংগ্ৰেছে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত অমৰিন্দৰ সিঙৰ পত্নীক নিলম্বন কৰিছে

কেপ্তেইন অমৰিন্দৰ সিঙৰ পত্নী প্ৰীণিত কৌৰৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবেই শুকুৰবাৰে কংগ্ৰেছে তেওঁক নিলম্বন কৰিছে।

আনকি তেওঁক শ্ব’কজ জাননীও প্ৰদান কৰা হৈছে।

তিনিদিনৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

স্বামী অমৰিন্দৰ সিঙে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে। অৱশ্যে পাটিয়ালাৰ সাংসদ নহ’লে প্ৰীণিত কৌৰক বহিষ্কাৰ কৰা হ’ব। যদিও তেওঁ দলৰ বৰ সক্ৰিয় সদস্য নহয়। কংগ্ৰেছ ত্যাগ কৰিলে স্বামীৰ পথেই অনুসৰণ কৰিব তেওঁ। এতিয়াও হোৱা নাই যদিও দলৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে প্ৰীণিত কৌৰে। শুকুৰবাৰে কংগ্ৰেছ অনুশাসন সমিতিয়ে তেওঁক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দল-বিৰোধী কাম-কাজৰ বাবে দলে তেওঁৰ বিৰুদ্ধে কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে সেই কথা লিখিতভাৱে বুজাবলৈ কোৱা হৈছে। দলৰ এই সিদ্ধান্তক লৈ এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অমৰিন্দৰৰ পত্নীয়ে।

Daily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment