বাংলাদেশৰ পৰা ছবিখন চাবলৈ ভাৰতলৈ আহিছিল শ্বাহৰুখ অনুৰাগী
পাঠানে ধুমুহাৰ সৃষ্টি কৰিছে। টকাৰ পৰিমাণ প্ৰতিদিনে লাফ মাৰি বাঢ়িছে। অৱশ্যে শ্বাহৰুখে নিজৰ মনটো মুকলি কৰি কৈছে যে তেওঁ কোটি কোটি টকা নহয়, প্ৰেম বিচাৰে। শ্বাহৰুখৰ প্ৰতি থকা প্ৰেমৰ বাবেই বাংলাদেশৰ পৰা ভাৰতলৈ উৰা মাৰিছিল এজন অনুৰাগী।
বাংলাদেশত মুক্তি পাব নে নাই সেই বিষয়ে আলোচনা চলি আছে। অৱশ্যে বাংলাদেশৰ পৰা পোনে পোনে আগৰতলালৈ আহি এটি বাংলাদেশী পৰিয়ালে ছবিখন চালেহি । ছচিয়েল মিডিয়াতো তেওঁৰ ছবি শ্বেয়াৰ কৰিছে।
আনহাতে, ‘পাঠান’ ছবিৰ ব্যৱসায় লাফ মাৰি বাঢ়িছে। নতুন হিচাপ অনুসৰি পাঠানে বিশ্বজুৰি নৱম দিনটোত ৭০০ কোটিৰ ক্লাবত উপনীত হৈছে। ভাৰতত “পাঠান” ব্যৱসায় ৩৬৪ কোটি টকা।