৩ তাৰিখে আমন্ত্ৰিত অতিথিসকল ৰাজস্থানলৈ উৰা মাৰিছিল।
আজিৰ দিনটোতে কিয়াৰাৰ হাতত সিদ্ধাৰ্থৰ নাম মেহেন্দীৰে সজোৱা হয় আৰু তাইৰ হাত দুখন ষ্টাৰ মেহেন্দী শিল্পী বীনা নাগ্ৰাৰ দ্বাৰা মেহেন্দী কৰা হয়। কিয়াৰাই মেহেন্দিৰ বাবে কোমল গোলাপী ৰঙৰ লেহেংগা-চোলি বাছি লৈছিল। লগতে মিল থকা গহনৰে সৈতে কিয়াৰাক সাধুকথাৰ ৰাজকুমাৰীৰ দৰে লাদিছিল!
দুদিন পূৰ্বে সজাই তোলা হৈছিল সূৰ্যগড় ৰাজপ্ৰসাদ। শ্বাহৰুখ খানৰ প্ৰাক্তন দেহৰক্ষী ইয়াছিন নিৰাপত্তাৰ দায়িত্বত আছে।নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি আছে অঞ্চলটো। কটকটীয়া নিৰাপত্তাৰ মাজতে সম্পূর্ণ হয় মেহেন্দি অনুষ্ঠান৷ আজি মুম্বাইৰ পৰা যোধপুৰত উপস্থিত হয় বীনা। শিল্পীগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰী ফটো পোষ্ট কৰিছে।
হোটেল কৰ্তৃপক্ষই জনোৱা মতে, বিবাহ অনুষ্ঠান উপলক্ষে তাৰকা দম্পতীয়ে নিজৰ প্ৰাসাদটো ভাড়াত লৈছে।